আৱেদন পত্ৰ লিখাৰ নিয়ম | Application Letter Writing Rules
আৱেদন পত্ৰ হৈছে এক নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক যিকোনো অনুৰোধ কৰিবলৈ লিখা এক আনুষ্ঠানিক পত্ৰ। ই ছুটিৰ বাবে আবেদন, চাকৰিৰ বাবে আবেদন, বিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি, প্ৰকল্প সম্প্ৰসাৰণ বা প্ৰতিবেদন আদিৰ বাবে ব্যৱহাৰ কৰা হয়।
সকলো চিঠিপত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোতে কিছুমান সাধাৰণ নীতি-নিয়ম মানি চলা উচিত। তেনে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম তলত উল্লেখ কৰা হ’ল।
নোট: শেহতীয়া অসম চৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰিৰ আপডেটৰ বাবে নিয়মিত assamlive.info চাই থাকক। 👉 Join WhatsApp Group
✍️ আৱেদন পত্ৰ লিখাৰ সাধাৰণ নিয়মসমূহ
- সদায় মাৰ্জিত ভাষাত সহজ আৰু সৰলকৈ লিখিব লাগে।
- পৰিষ্কাৰ আৰু শুদ্ধ বানান ব্যৱহাৰ কৰিব লাগে।
- লিখাৰ আগতে মূল বিষয়সমূহ টুকি ল’ব লাগে।
- চিঠিৰ অংগসজ্জা নিয়ম অনুসৰি সঠিক স্থানত অংগসমূহ সন্নিবিষ্ট কৰিব লাগে।
- ভদ্ৰ, বিনয়ী ভাষা আৰু উপযুক্ত সন্মান প্ৰদৰ্শন কৰি লিখিব লাগে।
- প্ৰেৰক আৰু গ্ৰহণকাৰীৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ উল্লেখ কৰিব লাগে।
- উৰ্ধতম কৰ্তৃপক্ষলৈ লিখিলে সন্মানসূচক ভাষা ব্যৱহাৰ কৰিব লাগে।
- চিঠিপত্ৰত সদায় তাৰিখ আৰু স্থান উল্লেখ কৰা উচিত।
✨ এই নিয়মসমূহ মানি চলিলে এখন সুশৃঙ্খল আৰু গ্ৰহণযোগ্য আৱেদন পত্ৰ লিখা সহজ হয়।
👉 তলত আপোনালোকৰ সুবিধাৰ্থে কেইখনমান আবেদন পত্ৰৰ আৰ্হি উল্লেখ কৰা হ’ল।
✅ জ্বৰ হোৱা বাবে বিদ্যালয়ত দুইদিন অনুপস্থিত থকাৰ বাবে ছুটীৰ আবেদন
(Leave Application for Fever in Assamese)
প্ৰতি,
প্ৰধান শিক্ষক/প্ৰধান শিক্ষয়িত্ৰী মহোদয়/মহোদয়া
________ বিদ্যালয়
________ (ঠিকনা)
বিষয়ঃ জ্বৰ হোৱা বাবে দুইদিনৰ ছুটী মঞ্জুৰ কৰাৰ আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰ ___ শ্ৰেণীৰ এজন/এগৰাকী নিয়মীয়া শিক্ষাৰ্থী। যোৱা ___ তাৰিখৰ পৰা মোৰ জ্বৰ হোৱা বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মোক দুইদিন বিশ্ৰাম ল’ব লগা হৈছে।
সেয়েহে, ___ তাৰিখৰ পৰা ___ তাৰিখলৈ দুইদিনৰ ছুটী মঞ্জুৰ কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
ধন্যবাদান্তে।
আপোনাৰ আজ্ঞাবহ
নামঃ __________
শ্ৰেণীঃ __________
ৰোল নংঃ __________
তাৰিখঃ __________
স্থানঃ __________
👉 বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন পত্ৰ।
প্ৰতি,
প্ৰধান শিক্ষক মহোদয়/মহোদয়া
________ বিদ্যালয়
________ (ঠিকনা)
বিষয়ঃ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে ছুটী মঞ্জুৰ কৰাৰ আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰ ___ শ্ৰেণীৰ এজন/এগৰাকী নিয়মীয়া শিক্ষাৰ্থী। ব্যক্তিগত অসুবিধা/অসুস্থতাৰ কাৰণে মই ___ তাৰিখৰ পৰা ___ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই।
সেয়েহে, মোৰ অনুপস্থিতিৰ দিনসমূহৰ বাবে ছুটী মঞ্জুৰ কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
ধন্যবাদান্তে।
আপোনাৰ আজ্ঞাবহ
নামঃ __________
শ্ৰেণীঃ __________
ৰোল নংঃ __________
👉 চৰিত্ৰ প্ৰমাণপত্ৰ লাভৰ বাবে কৰা এখন আবেদন পত্ৰ।
প্ৰতি,
প্ৰধান শিক্ষক/প্ৰধান শিক্ষয়িত্ৰী মহোদয়/মহোদয়া
________ বিদ্যালয়
________ (ঠিকনা)
বিষয়ঃ চৰিত্ৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰ ___ শ্ৰেণীৰ এজন/এগৰাকী শিক্ষাৰ্থী আছিলোঁ। মই এই বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাত সদায় শৃংখলাবদ্ধভাৱে আচৰণ কৰি আহিছোঁ।
বৰ্তমান উচ্চ শিক্ষা/চাকৰি/অন্য প্ৰয়োজনৰ বাবে মোৰ এটা চৰিত্ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে। সেয়েহে মোক এখন চৰিত্ৰ প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
ধন্যবাদান্তে।
আপোনাৰ আজ্ঞাবহ
নামঃ __________
শ্ৰেণীঃ __________
ৰোল নংঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্থানঃ __________
👉 জন্ম প্ৰমাণপত্ৰ লাভৰ বাবে পৌৰনিগম বা চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত কৰা এখন আবেদন।
প্ৰতি,
অধিকাৰী মহোদয়/মহোদয়া
পৌৰনিগম/চিকিৎসালয় কৰ্তৃপক্ষ
________ (ঠিকনা)
বিষয়ঃ জন্ম প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মোৰ/মোৰ সন্তানৰ জন্ম ___ তাৰিখে আপোনালোকৰ অধীনস্থ চিকিৎসালয়/অঞ্চলত সংঘটিত হৈছিল। বৰ্তমান বিদ্যালয়ত নামভৰ্তি/চাকৰি/চৰকাৰী কাম-কাজৰ বাবে জন্ম প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে।
সেয়েহে, মোৰ জন্মৰ তথ্য পৰীক্ষা কৰি মোক এখন জন্ম প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
প্ৰয়োজনীয় নথিপত্ৰসমূহ ইয়াৰ সৈতে সংলগ্ন কৰা হ’ল।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
পিতৃ/মাতৃৰ নামঃ __________
ঠিকনাঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
👉 চাকৰিৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ বদলিৰ বাবে কৰা এখন আবেদন।
প্ৰতি,
অধিকাৰী মহোদয়/মহোদয়া
________ বিভাগ/কাৰ্যালয়
________ (ঠিকনা)
বিষয়ঃ চাকৰিৰ বদলিৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনালোকৰ অধীনস্থ ______ বিভাগত ______ পদত কৰ্মৰত আছোঁ। ব্যক্তিগত/পৰিয়ালিক/স্বাস্থ্যজনিত কাৰণবশতঃ বৰ্তমানৰ কৰ্মস্থানত কাম কৰি থাকিবলৈ অসুবিধা অনুভৱ কৰি আছোঁ।
সেয়েহে, মোক ______ (বৰ্তমান স্থান) ৰ পৰা ______ (আকাংক্ষিত স্থান) লৈ বদলি কৰি দিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ। আপোনালোকৰ সদয় বিবেচনাৰ বাবে চিৰ কৃতজ্ঞ থাকিম।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
পদবীঃ __________
বিভাগঃ __________
কৰ্মস্থানঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
👉 অফিচৰ কৰ্তৃপক্ষলৈ দাখিল কৰা এখন পদত্যাগ পত্ৰ।
প্ৰতি,
কৰ্তৃপক্ষ মহোদয়/মহোদয়া
________ কাৰ্যালয়/অফিচ
________ (ঠিকনা)
বিষয়ঃ পদত্যাগ পত্ৰ দাখিল।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনালোকৰ কাৰ্যালয়ত ______ পদত যোৱা ______ তাৰিখৰ পৰা সততা আৰু নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি আহিছোঁ। বৰ্তমান ব্যক্তিগত/পৰিয়ালিক/স্বাস্থ্যজনিত কাৰণবশতঃ মই মোৰ দায়িত্বসমূহ আগবঢ়াই নিব নোৱাৰোঁ।
সেয়েহে, মই মোৰ পদৰ পৰা পদত্যাগ জনাই এই পত্ৰ দাখিল কৰিলোঁ। অনুগ্ৰহ কৰি মোৰ পদত্যাগপত্ৰ গ্ৰহণ কৰি মোক ______ তাৰিখৰ পৰা দায়িত্বৰ পৰা অব্যাহতি দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ।
অফিচত কাম কৰাৰ সুযোগ দিয়াৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
পদবীঃ __________
বিভাগঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
👉 চাকৰিত যোগদান কৰাৰ সন্দৰ্ভত দাখিল কৰা এখন যোগদান প্ৰতিবেদন।
প্ৰতি,
কৰ্তৃপক্ষ মহোদয়/মহোদয়া
________ বিভাগ/কাৰ্যালয়
________ (ঠিকনা)
বিষয়ঃ চাকৰিত যোগদান কৰাৰ সন্দৰ্ভত যোগদান প্ৰতিবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে আপোনালোকৰ আদেশ মৰ্মে মোক ______ পদত নিযুক্তি দিয়া হৈছিল। সেই অনুসৰি মই আজি ______ তাৰিখে আপোনালোকৰ কাৰ্যালয়ত উপস্থিত হৈ মোৰ দায়িত্ব গ্ৰহণ কৰিলোঁ।
সেয়েহে, মোৰ যোগদান গ্ৰহণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
পদবীঃ __________
বিভাগঃ __________
যোগদানৰ তাৰিখঃ __________
যোগাযোগ নম্বৰঃ __________
স্বাক্ষৰঃ __________
👉 চাকৰিৰ বাবে কৰা এখন আবেদন পত্ৰ।
(Job Application in Assamese)
প্ৰতি,
কৰ্তৃপক্ষ মহোদয়/মহোদয়া
________ প্ৰতিষ্ঠান/কাৰ্যালয়
________ (ঠিকনা)
বিষয়ঃ চাকৰিৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে আপোনালোকৰ প্ৰতিষ্ঠানত ______ পদ খালী থকাৰ বিজ্ঞাপন/খবৰ পাই মই উক্ত পদৰ বাবে আবেদন জনাইছোঁ। মই এজন পৰিশ্ৰমী, সৎ আৰু দায়িত্বশীল প্ৰাৰ্থী।
মই ______ শিক্ষাগত অৰ্হতা লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাও আছে। মোক সুযোগ দিলে মই নিষ্ঠা আৰু আন্তৰিকতাৰে মোৰ দায়িত্বসমূহ পালন কৰিম বুলি আপোনাক আশ্বাস দিছোঁ।
সেয়েহে, মোক উক্ত পদত নিযুক্তি দিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ। মোৰ বায়’ডাটা আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ ইয়াৰ সৈতে সংলগ্ন কৰা হ’ল।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
ঠিকনাঃ __________
শিক্ষাগত অৰ্হতাঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
👉 চাৰ্টিফিকেট লাভৰ বাবে কৰা এখন আবেদন।
প্ৰতি,
প্ৰধান শিক্ষক/অধিকাৰী মহোদয়/মহোদয়া
________ বিদ্যালয়/কাৰ্যালয়
________ (ঠিকনা)
বিষয়ঃ চাৰ্টিফিকেট প্ৰদান কৰাৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে মই আপোনালোকৰ বিদ্যালয়/কাৰ্যালয়ৰ এজন/এগৰাকী শিক্ষাৰ্থী/কৰ্মচাৰী। বৰ্তমান মোৰ ______ (চাকৰি/উচ্চ শিক্ষা/অন্য কাম) ৰ বাবে এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে।
সেয়েহে, মোক এখন চাৰ্টিফিকেট প্ৰদান কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ। ইয়াৰ বাবে মই চিৰ কৃতজ্ঞ থাকিম।
ধন্যবাদান্তে।
আপোনাৰ আজ্ঞাবহ/বিশ্বস্ত
নামঃ __________
শ্ৰেণী/পদবীঃ __________
ৰোল/আইডিঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
👉 নিজৰ অঞ্চলত পকী ৰাস্তা নিৰ্মাণৰ বাবে কৰা এখন আবেদন
প্ৰতি,
সভাপতি/কাৰ্যবাহী অভিযন্তা মহোদয়/মহোদয়া
________ পৌৰসভা/গাঁও পঞ্চায়ত/লোক নিৰ্মাণ বিভাগ
________ (ঠিকনা)
বিষয়ঃ আমাৰ অঞ্চলত পকী ৰাস্তা নিৰ্মাণ কৰাৰ বাবে আবেদন।
মহোদয়/মহোদয়া,
সৱিনয়ে নিবেদন এই যে আমি ______ গাঁও/অঞ্চলৰ বাসিন্দাসকল। আমাৰ অঞ্চলৰ ৰাস্তাটো বৰ্তমান কাঁচা আৰু ভগ্ন অৱস্থাত আছে। বৰষুণৰ দিনত কাদা-পানীত পথ চলাচল কৰা অতি কঠিন হৈ পৰে। ছাত্ৰ-ছাত্ৰী, বৃদ্ধ ব্যক্তি আৰু ৰোগীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।
এইদৰে দৈনন্দিন যাতায়াতত অসুবিধা হোৱা বাবে আমাৰ অঞ্চলত এখন পকী ৰাস্তা নিৰ্মাণ কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে।
সেয়েহে, আমাৰ সমস্যাটো বিবেচনা কৰি অতি সোনকালে পকী ৰাস্তা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাৰ ওচৰত বিনম্ৰভাৱে আবেদন জনালোঁ।
ধন্যবাদান্তে।
আপোনাৰ বিশ্বস্ত
নামঃ __________
ঠিকনাঃ __________
যোগাযোগ নম্বৰঃ __________
তাৰিখঃ __________
স্বাক্ষৰঃ __________
(অঞ্চলবাসীৰ পক্ষৰ পৰা)



